danewsplus.com
danewsplus.com

তৃণমূলত যোগদানৰ পিছত প্ৰথমবাৰলৈ শিলচৰত উপস্থিত হৈয়ে সুস্মিতাৰ মুখত শুনা গ’ল ‘খেলা হবে’

0 155

ডিজিটেল ডেস্ক: তৃণমূলত যোগদানৰ পিছতে প্ৰথমবাৰলৈ শিলচৰত সুস্মিতা দেৱ ৷ শিলচৰত উপস্থিত হৈয়ে সুস্মিতাৰ মুখত শুনা গ’ল ‘খেলা হবে’। বৃহস্পতিবাৰে পুৱা ১১.৪০ মিনিটত শিলচৰ কুম্ভিৰগ্ৰাম বিমান বন্দৰত আহি উপস্থিত হয় সুস্মিতা দেৱ ৷ বিমানবন্দৰত তেওঁক উস্ম আদৰণি জনাই তেওঁৰ অসংখ্য সমৰ্থক সকলে ৷

বিমানবন্দৰৰ পৰা এক বিশাল ৰেলী কৰি সুস্মিতাক শিলচৰ কাছাৰ ক্লাবত লৈ যোৱা হয় ৷ কাছাৰ ক্লাবত উপস্থিত হৈ সমৰ্থকৰ উদ্দেশ্য বক্তব্য আগবঢ়ায় সুস্মিতা দেৱে । ইপিনে, তেওঁ নিস্বাৰ্থ ভাৱে মমতা বানাৰ্জীৰ দলত যোগদান কৰিছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। মমতা বানাৰ্জীয়ে তেওঁক যি দায়িত্ব প্ৰদান কৰিব তাকেই ভালদৰে পালন কৰিব যাব বুলিও মত প্ৰকাশ সুস্মিতা দেৱৰ।

Leave A Reply

Your email address will not be published.