danewsplus.com
danewsplus.com

তিনিচুকীয়াত জব্দ বৃহৎ পৰিমাণৰ চোৰাং তেল

0 157

ডিজিটেল ডেক্স: মঙলবাৰে তিনিচুকীয়া আৰক্ষীয়ে জিলাখনৰ বাৰেকুৰি অঞ্চলৰ পৰা ১১,০০০ লিটাৰ চোৰাং তেল জব্দ কৰে। জানিব পৰা অনুসৰি, এক গোপন সূত্ৰৰ পম খেদি অইল ইণ্ডিয়া লিমিটেডৰ (অইএল) বিষয়া জগজিৎ কুমাৰৰ অধীনত জিলাখনৰ বিভিন্ন স্থানত এক অভিযান চলোৱা হৈছিল।

উক্ত অভিযানকালত ২০০ গেলনতকৈও অধিক তেল জব্দ কৰা হয়। লগতে তেল চুৰিৰে জড়িত বাহনসমূহো জব্দ কৰা হয়। দীৰ্ঘদিনৰ পৰাই জিলাখনত চোৰাং তেলৰ অবৈধ বেহা চলি আহিছে। শেহতীয়াকৈ এই চোৰাং তেলৰ অবৈধ বেহাৰ ন ন তথ্য পোহৰলৈ আহিছে।

ঘটনা সন্দৰ্ভত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিত দেউৰীয়ে এই চোৰাং তেলৰ চুৰিৰে জড়িত লোকসকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব বুলি উল্লেখ কৰিছে।

Leave A Reply

Your email address will not be published.