danewsplus.com
danewsplus.com

যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত নিৰ্মাণ হ’ব অসমৰ প্ৰথমটো অত্যাধুনিক বহুমুখী কৃষি পৰিবেশ পৰ্যটন প্ৰকল্প

0 179

ডিজিটেল ডেস্কঃ অসমৰ কৃষি পৰ্যটন উদ্যোগৰ বাবে আশাৰ খবৰ কঢ়িয়াই অসমত প্ৰথমবাৰৰ বাবে নিৰ্মাণ হ’ব প্ৰথমটো আদৰ্শ কৃষি পৰিবেশ পৰ্যটন প্ৰকল্প। অসম কৃষি বিশ্ববিদ্যালয়ে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ ৩ কোটি টকাৰ অৰ্থসাহায্যৰে নিজাববীয়া সেউজ পৰিকল্পনাৰ অধীনত গ্ৰহণ কৰা এই প্ৰকল্পৰ বৃহস্পতিবাৰে আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। অনেক সম্ভাৱনা সত্তেও প্ৰত্যাহ্বানব সন্মুখীন হৈ থকা অসমৰ পৰ্যটন উদ্যোগৰ প্ৰতি অশনি সংকেতৰ সময়ত কৃষি পৰ্যটনৰ জৰিয়তে পৰ্যটন উদ্যোগক আগবঢ়াই নিয়াৰ চিন্তাচৰ্চা চলাৰ সময়তে অসম কৃষি বিশ্ববিদ্যালয়ে এই অভিলাসী কৃষি পৰিবেশ পৰ্যটন প্ৰকল্প ৰূপায়নৰ আচনি গ্ৰহণ কৰিছে।

দেশৰ ভিতৰতে কৃষি শিক্ষা গৱেষণা আৰু কৃষিখণ্ডৰ আনুসংগিক সম্প্ৰসাৰণৰ দিশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা অসম কৃষি বিশ্ববিদ্যালয়ে ইয়াৰ যোৰহাটস্থ মূল চৌহদত ৰূপায়ন কৰিবলৈ লোৱা এই আদৰ্শ কৃষি পৰিবেশ পৰ্যটন প্ৰকল্পটোৱে কৃষিখণ্ডৰ আনুষংগিক প্ৰায়বোৰ দিশ সামৰি লব। বিশ্ববিদ্যালয়ৰ মুল চৌহদৰ ভিতৰৰ প্ৰায় ডেৰ কিলমিটাৰ দৈঘ্যৰ পতিত জলাশয় আৰু জান তথা চাহ বাগিচাৰে পৰিবেষ্টিত কাষৰীয়া এলেকাত সুন্দৰ আটকধুনীয়া আধুনিক কাৰিকৰী কৌশল প্ৰয়োগ কৰি এই মনোমোহা অভিলাসী প্ৰকল্প ৰূপায়ন কৰিবলৈ লোৱা হৈছে।

য’ত অন্তভুক্ত হ’ব সুন্দৰ আটকধুনীয়া পুখুৰী- বাগিছা, থলুৱা ফলৰ বাগিছা, ঔষধি উদ্ভিদৰ বাগিছা, নৌকাবিহাৰ, জল অৱসৰ বিনোদন, দেশী-বিদেশী ফুলৰ বাগিছা, জলক্ৰীয়া তথা জল অৱসৰ বিনোদন স্থান আদি বহুবোৰ চালে চকুৰোৱা সেউজ পদক্ষেপ।

এই বিষয়ে আজি সাংবাদিকক সবিশেষ জানিবলৈ দি অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই কয় যে, কৃষি পৰ্যটনৰ সমান্তৰালভাবে এই প্ৰকল্পই কৃষি তথা এই দিশৰ লগত জড়িত সকলক অনুপ্ৰাণিত কৰি অধিক আগ্ৰহান্বিত কৰিব বুলি আমি আশা কৰিছো। সেয়ে আমি পৰম্পৰাগত আৰু আধুনিকতাৰ সংমিশ্ৰনত হবলগীয়া এই পৰ্যটন প্ৰকল্পত কৃষি খণ্ডৰ গৱেষক সকলৰ গৱেষণাৰ বাবে পৰ্যাপ্ত সমল তথা আধাৰ তৈয়াৰ কৰাৰো প্ৰয়াস কৰিছো। ইয়ে ৰাজ্যৰ কৃষি পৰ্যটন উদ্যোগক নতুন গতি দিব আৰু নতুন নতুন উদ্যোগী আগুৱাই আহি অসমৰ কৃষি পৰ্যটনক সমৃদ্ধ কৰি ৰাজ্যখনক এই দিশত নতুন গতি দিব বুলি আমি আশাবাদী ।

Leave A Reply

Your email address will not be published.