danewsplus.com
danewsplus.com

চাংসাৰী আৰক্ষীৰ ভয়ত দিন কটাইছে এগৰাকী মহিলাই

0 182

ডিজিটেল সংবাদ, উত্তৰ গুৱাহাটী : কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ চাংসাৰী আৰক্ষীৰ ভয়ত দিন কটাইছে এগৰাকী অসহায় মহিলাই। চাংসাৰী আৰক্ষীৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ উত্থাপন মহিলাগৰাকীৰ। ক্ষমতাৰ অপ-প্ৰয়োগেৰে নিৰপৰাধীকো অপৰাধী সজোৱাৰ অভিযোগ চাংসাৰী আৰক্ষী থানাৰ আৰক্ষীৰ।

মহিলাগৰাকীৰ অভিযোগ অনুসৰি, স্বামী আজমল হুছেইনক চাংসাৰী আৰক্ষীয়ে বিনা কাৰণত তেওঁলোকৰ ঘৰলৈ বিচাৰি আহি কৰে হাৰাশাস্তি। আনকি, কেতিয়াবা আজমল হুছেইনৰ ঘৰত নিশা পত্নী অকলে থকা অৱস্থাত মহিলা আৰক্ষী অবিহনেই ড্ৰাগছ বিচাৰি তালাচী অভিযান চলায়। কেতিয়াবা আকৌ কাৰ্যালয় বিচাৰি কৰে হাৰাশাস্তি। মুঠৰ ওপৰত চাংসাৰী আৰক্ষীৰ বাবে এতিয়া বুছেইনৰ পত্নীয়ে দুই সন্তানক বুকুত বান্ধি দিন-ৰাতি পাৰ কৰিবলগীয়া হৈছে।

ঘটনা সন্দৰ্ভত দানিব পৰা অনুসৰি, কোনো দিনেই কোনো নিচাযুক্ত সামগ্ৰী সেৱন নকৰা আজমল হুছেইন, তেওঁৰ পত্নী আৰু পৰিয়ালে এতিয়া আৰক্ষীৰ ভয়-শংকাত দিন পাৰ কৰিছে। সংবাদ মাধ্যমৰ জৰিয়তে হুছেইনৰ পত্নীয়ে চাংসাৰী আৰক্ষীয়ে নিৰপৰাধীক অপৰাধী সজোৱা কাৰ্যত মুখ্যমন্ত্ৰীৰ হস্তুক্ষেপ বিচাৰি আবেদন জনায়।

Leave A Reply

Your email address will not be published.