danewsplus.com
danewsplus.com

চুতীয়া যুৱ সন্মিলনৰ পৰা বহিস্কৃত হ’ল ৩ নেতা

0 427

ডিজিটেল ডেস্কঃ চুতীয়া যুৱ সন্মিলনৰ অধিবেশনৰ নামত একাংশই চলাইছে ভুৱা প্ৰচাৰ৷ সমিতিৰ পৰা বহিস্কৃত একাংশ লোকে দুলীয়াজানত ২১, ২২ আগষ্টত কেন্দ্ৰীয় অধিবেশন অনুষ্ঠিত হ’ব বুলি প্ৰচাৰ চলাইছিল৷ সীমান্ত শইকীয়া, শ্যামলজ্যোতি বৰা আৰু অৰূপ শইকীয়া নামৰ ৩জনে ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ৷

নিজকে সংগঠনটোৰ সভাপতি, সম্পাদক হিচাপে পৰিচয় দিয়া তিনিওজনকে ১৭ আগষ্টত বহিস্কাৰ কৰে কেন্দ্ৰীয় সমিতিয়ে৷ অধিবেশনৰ নামত এওঁলোকক কোনো চান্দা নিদিবিলৈ সকলো লোককে আহ্বান জনাইছে কেন্দ্ৰীয় সমিতিয়ে৷ কেৱল ব্যক্তিগত স্বাৰ্থত দীৰ্ঘদিন ধৰি অনৈতিক কাৰ্যকলাপত তিনিওজন জড়িত থকাৰ অভিযোগ চুতীয়া যুৱ সন্মিলনৰ কেন্দ্ৰীয় কমিটিৰ৷

Leave A Reply

Your email address will not be published.