danewsplus.com
danewsplus.com

তালিবানৰ শাসনলৈ আফগানিস্তান, বিমানবন্দৰত হাহাকাৰ, দেশ এৰি পলায়নৰ চেষ্টা হেজাৰ-হেজাৰ লোকৰ

0 155

ডিজিটেল ডেস্কঃ পুনৰ তালিবানৰ শাসনলৈ আফগানিস্তান৷ বিনা ৰক্তপাতে কাবুল দখল কৰিলে তালিবানে৷ দেশ এৰি পলায়ন কৰিলে ৰাষ্ট্ৰপতি আশ্ৰফ গণিয়ে৷ উজবেকিস্তানলৈ পলায়ন কৰিলে ৰাষ্ট্ৰপতি গণিয়ে৷ শাসনৰ বাঘজৰী ল’লে তালিবানপ্ৰধান মোল্লা আব্দুল গণি বাৰাদাৰে৷ শীঘ্ৰেই তালিবানে আফগানিস্তানক ঘোষণা কৰিব পাৰে ইছলামিক ৰাষ্ট্ৰ হিচাপে৷

আফগানিস্তানৰ পৰিস্থিতিৰ বাবে বিভিন্ন মহলে সমালোচনা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বিডেনক৷ আন্তঃৰাষ্ট্ৰীয় মহলে এতিয়া চকু ৰাখিছে দেশখনৰ ওপৰত৷ আফগানিস্তানত এতিয়া ব্যাপক হাৰত মানৱ অধিকাৰ উলংঘণৰ আশংকা কৰা হৈছে৷ দেশখন বিভিন্ন ইছলামিক সন্ত্ৰাসবাদীৰ আত্মগোপনৰ থলী হৈ পৰাৰো আশংকা কৰা হৈছে৷

পাকিস্তানতো অস্থিৰতাৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে৷ এই পট পৰিৱৰ্তনৰ ফলত অঞ্চলটোত এতিয়া চীনে খোপনি পোতাৰ বাট মুকলি হোৱা বুলিও ধাৰণা কৰিছে বিশেষজ্ঞসকলে৷ তালিবান চৰকাৰক স্বীকৃতি দিয়া নহ’ব বুলি ঘোষণা কৰিছে মাৰ্কিন প্ৰশাসনে৷

Leave A Reply

Your email address will not be published.