danewsplus.com
danewsplus.com

অগ্নিগৰ্ভা শ্বিলং: সান্ধ্য আইন জাৰি, কৰ্তন ইন্টাৰনেট সেৱা

0 224

ডিজিটেল ডেক্স, মেঘালয়: অগ্নিগৰ্ভা মেঘালয়ৰ ৰাজধানী শ্বিলং। স্বাধীনতা দিৱসৰ দিনাই উত্তপ্ত হৈ পৰে ৰাজধানী শ্বিলং। প্ৰাক্তন HNLC নেতা চেষ্টাৰফিল্ড থাংখিউৰ হত্যাৰ বিৰুদ্ধে সাব্যস্ত কৰা তীব্ৰ প্ৰতিবাদৰ সময়তে অগ্নিগৰ্ভা হৈ পৰে শ্বিলঙৰ পৰিস্থিতি।

প্ৰথমে মাওলাই এলেকাত উন্মাদ লোকে এখন আৰক্ষীৰ বাহনলৈ শিলাবৰ্ষণ কৰে তাৰ পিছত পথত ৰখাই থোৱা এখন চৰকাৰী বাহন জ্বলাই দিয়ে।

পৰিস্থিতি উত্তপ্ত হৈ পৰাত শ্বিলঙত সান্ধ্য আইন জাৰি কৰাৰ লগতে মেঘালয়ৰ ৪খন জিলাত ইন্টাৰনেট সেৱা সম্পূৰ্ণৰূপে বাতিল কৰা হয়। ১৭ আগষ্টলৈকে শ্বিলঙত সান্ধ্য আইন জাৰি ৰখা হ’ব। উল্লেখ্য যে, শুকুৰবাৰে পুৱতি নিশা মেঘালয় আৰক্ষীৰ গুলীত নিহত হৈছিল প্ৰাক্তন HNLC নেতা চেষ্টাৰফিল্ড থাংখিউ।

ইপিনে শ্বিলঙৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি আৰু সান্ধ্য আইনৰ বাবে অসমৰ লোকক শ্বিলং ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান  জি পি সিঙে।

Leave A Reply

Your email address will not be published.