danewsplus.com
danewsplus.com

সাৱধান! এডাল হেডফোনে শেষ কৰিলে এটি ১৩ বছৰীয়া কিশোৰৰ সপোন

0 198

ডিজিটেল সংবাদ, দুধনৈঃ মোবাইলৰ হেডফোনেই কাল হ’ল এটি ১৩ বছৰীয়া কিশোৰৰ৷ গোৱালপাৰা জিলাৰ ধূপধৰাৰ খেকাপাৰাত তীব্ৰবেগী ৰে’লে মহতিয়ালে এটি কিশোৰক৷ ৰে’লপথৰ সমীপত উদ্ধাৰ হয় সুৱৰ্ণ বৰ্মন নামৰ কিশোৰটিৰ মৃতদেহ।

হেডফোন কানত লগাই খেতিপথাৰৰ পৰা ঘৰলৈ আহি থাকোতে ৰে’লে মহতিয়াই নিয়ে সুৱৰ্ণ বৰ্মনক৷ তাৰ পিছতে তেওঁ থিতাতে নিহত হয়। গুৱাহাটীৰ পৰা বঙাইগাঁও অভিমুখী নামনিমুৱা গঁঞা এক্সপ্ৰেছ নামৰ ৰে’লখনে মহতিয়াই নিয়ে সুৱৰ্ণক৷

ঘটনা সম্পৰ্কে খবৰ পাই ধূপধৰা আৰক্ষীয়ে পৰৱৰ্তী পৰ্যায়ত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে।

Leave A Reply

Your email address will not be published.