danewsplus.com
danewsplus.com

৭.২ প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্পই ধ্বংসস্তুপত পৰিণত কৰিলে হাইতিক

0 164

ডিজিটেল ডেস্কঃ ৰিখটাৰ স্কেলত ৭.২ প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্পই ধ্বংসস্তুপত পৰিণত কৰিলে হাইতিক৷ ভূমিকম্পটোৰ ফলত দেশখনৰ পশ্চিম অংশৰ বিভিন্ন প্ৰান্ত ধ্বংসস্তুপত পৰিণত হয়৷ এইপৰ্যন্ত নিৰ্দিষ্ট পৰিসংখ্যা লাভ কৰা হোৱা নাই যদিও ধ্বংসস্তুপৰ মাজত বহু লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে৷ দেশখনৰ স্থানীয় সময় অনুসৰি পুৱাৰ ভাগত অহা এই ভূমিকম্পই বহু সা-সম্পত্তি ধ্বংস কৰি থৈ যায়৷ ৰাজধানী চহৰ পোৰ্ট অ’ প্ৰিন্সৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ নিলগত ইয়াৰ অভিকেন্দ্ৰ৷

এই ভূমিকম্পৰ পিছতে কেৰিবিয়ান দ্বীপপুঞ্জত ছুনামীৰ আশংকা ঘনিভূত হৈ পৰিছে৷ যাৰ বাবে হাই এলাৰ্ট জাৰি কৰিছে স্থানীয় প্ৰশাসনে৷ উল্লেখ্য যে ২০১০ চনত ৭ প্ৰাবল্যৰ ভূমিকম্পত হাইতিত কমেও আঢ়ৈ লাখ লোকৰ মৃত্যু হৈছিল৷ শনিবাৰৰ ভূমিকম্পতো আতংকিত হৈ পৰিছে দেশখনৰ জনতা৷

Leave A Reply

Your email address will not be published.