danewsplus.com
danewsplus.com

লামডিঙত ব্ৰাউনচুগাৰ আৰু নিচাজাতীয় টেবলেটসহ আটক এজন

0 355

ডিজিটেল সংবাদ, লামডিংঃ ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান৷ নিশা লামডিঙত অভিযান চলাই ব্ৰাউনচুগাৰ আৰু নিচাজাতীয় টেবলেটসহ আটক কৰে এজনক। আটক কৰা ড্ৰাগছ পেডলাৰজন লামডিঙৰ জংৰদিছা ৮ নং ৱাৰ্ডৰ নিৱাসী অভিজিৎ দাস৷

আৰক্ষীয়ে অভিজিৎ দাসৰ ঘৰত অভিযান চলাই ৩.৯৬ গ্ৰাম ব্ৰাউনচুগাৰসহ ৩০০ টা নিচাজাতীয় টেবলেট জব্দ কৰে৷ লামডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্বন কুমাৰ শৰ্মা আৰু উপ পৰিদৰ্শক নিলোৎপল ভূঞাৰ নেতৃত্বত এই অভিযান চলিছিল। এই ঘটনাত আৰু বহু পেডলাৰ জড়িত থকাৰ সন্দেহ আৰক্ষীৰ৷

Leave A Reply

Your email address will not be published.