danewsplus.com
danewsplus.com

টকিঅ’ অলিম্পিকত পদক জয়ীক সম্বৰ্ধনা, ভাৰতীয় অলিম্পিক সন্থাৰ উদ্যোগত সম্বৰ্ধনা জ্ঞাপন

0 155

টকিঅ’ অলিম্পিকত পদক জয়ী খলুৱৈসকলক আজি সম্বৰ্ধনা জ্ঞাপন কৰে ভাৰতীয় অলিম্পিক সন্থাই ৷ দিল্লীত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী অনুৰাগ ঠাকুৰ, কেন্দ্ৰীয় ৰাজ্যিক ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নীশিথ প্ৰামাণিক, অসমৰ ৰাজ্য সভাৰ সাংসদ তথা সদ্যসমাপ্ত টকিঅ’ অলিম্পিকৰ ছীফ দ্য মিচন বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আদি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

অনুষ্ঠানত প্ৰতিগৰাকী পদকজয়ী খেলুৱৈক আৰ্থিক পুৰস্কাৰেৰেও পুৰস্কৃত কৰে ভাৰতীয় অলিম্পিক সন্থাই ৷ অসম কন্যা লাভলীনা বৰগোহাঁই, নীৰজ চোপ্ৰা, মীৰাবাঈ চানু, পি ভি সিন্ধুকে ধৰি পদকজয়ী প্ৰতিগৰাকী ক্ৰীড়াবিদক সন্মানিত কৰা হয় ৷

Leave A Reply

Your email address will not be published.