danewsplus.com
danewsplus.com

প্ৰধানমন্ত্ৰীৰ ঘোষণা, পাকিস্তানৰ স্বাধীনতা দিৱসত ভাৰতত পালন হ’ব ‘বিভাজন বিভীষিকা স্মৃতি দিৱস’

0 129

ডিজিটেল ডেস্কঃ পাকিস্তানৰ স্বাধীনতা দিৱসৰ দিনটোক দেশে পালন কৰিব ‘বিভাজন বিভীষিকা স্মৃতি দিৱস’ হিচাপে৷ দেশ বিভাজনৰ ভয়াৱহতাক স্মৰণীয় কৰি ৰখাৰ বাবে প্ৰতি বছৰে ১৪ আগষ্টত এই দিৱস পালনৰ সিদ্ধান্ত লৈছে কেন্দ্ৰই৷

শনিবাৰে পুৱা টুইট কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, দেশ বিভাজনৰ যি যন্ত্ৰণা, সেই স্মৃতি কেতিয়াও পাহৰিব পৰা নাযাব৷ হিংসাৰ কবলত পৰি আমাৰ বহু ভাতৃ-ভগ্নীয়ে প্ৰাণ হেৰুৱাইছিল, গৃহহাৰা হৈছিল৷ তেওঁলোকৰ সেই সংগ্ৰাম আৰু আত্মবলিদানক স্মৰণ কৰাৰ বাবে ১৪ আগষ্টত ‘বিভাজন বিভীষিকা স্মৃতি দিৱস’ পালন কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷

Leave A Reply

Your email address will not be published.