danewsplus.com
danewsplus.com

কৰিমগঞ্জত ৩ চোৰক আটক কৰি ৰাইজৰ প্ৰহাৰ

0 252

ডিজিটেল সংবাদ, কৰিমগঞ্জঃ তিনি চোৰক কৰায়ত্ব কৰাৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ উঠে কৰিমগঞ্জ চহৰৰ ছৰিশা আঞ্চল৷ আটক তিনি চোৰক প্ৰহাৰ কৰি ক্ষোভ উজাৰে ৰাইজে৷ কৰায়ত্ব কৰা চোৰ ৩টা হ’ল অমৰ দাস, দিপু মালাকাৰ আৰু বাপ্পি দাস৷ যোৱা কেইবাদিনো ধৰি কৰিমগঞ্জৰ ছৰিশা এলাকাৰ কেইবাজনো লোকৰ ই-ৰিক্সাৰ বেটাৰি চোৰ কৰিছিল চোৰকেইটাই৷

কেৱল ই-ৰিক্সাৰ বেটাৰি চুৰিয়েই নহয়, অন্যান্য আচবাব চুৰি কাৰ্যটো জড়িত আছিল চোৰকেইটা৷ ঘটনা সন্দৰ্ভত থানাত গোচৰ দিয়াৰ পিছতো সুফল লাভ কৰা নাছিল ৰাইজে৷ অৱশেষত ৰাইজৰ প্ৰচেষ্টাত আটক হ’ল চোৰকেইটা৷ আনহাতে এই চোৰকেইটাক একাংশই বান্ধি প্ৰহাৰ কৰাৰ ঘটনাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে৷ চোৰকেইটাক এইদৰে প্ৰহাৰ কৰি আইন হাতত তুলি লোৱাৰো অভিযোগ উঠিছে একাংশৰ বিৰুদ্ধে৷

Leave A Reply

Your email address will not be published.