danewsplus.com
danewsplus.com

দিন সদায় ভালেই নাযায়! উৎকোচ লৈ আৰক্ষীৰ জালত কেৰাণী

0 198

ডিজিটেল সংবাদ, লখিমপুৰঃ লখিমপুৰত উৎকোচ লৈ আৰক্ষীৰ জালত সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কেৰাণী সোমেশ্বৰ নাথ৷ চাকৰি দিয়াৰ নামত ঢকুৱাখনাৰ পুতুমণি চুতীয়া নামৰ এগৰাকী মহিলাৰ পৰা কেৰাণী সোমেশ্বৰে আত্মসাৎ কৰিছিল ২ লাখ ৫০ হাজাৰ টকা৷ পুতুমণি চুতীয়াৰ পুত্ৰ গুণকান্ত চুতীয়াক চাকৰি দিয়াৰ নামত ২০১৬ চনতে লৈছিল এই ধন৷

দীৰ্ঘদিনে ধন ঘূৰাই দিয়াৰ নামত প্ৰৱঞ্চনা কৰি আহিছিল সোমেশ্বৰ নাথে৷ অৱশেষত বৃহস্পতিবাৰে সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয় ঘেৰাও কৰে ভুক্তভোগী পৰিয়ালটোৱে৷ পৰিয়ালটোক দেখি কাৰ্যালয়ৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই গুণকান্ত চুতীয়াই কেৰাণিজনক আবদ্ধ কৰি ১ লাখ ৫০ হাজাৰ টকা ঘূৰাই লয়৷

অৱশ্যে পৰিয়ালটোৱে এতিয়াও লাভ কৰা নাই পাবলগীয়া বাকী থকা ১ লাখ টকা৷ এই সন্দৰ্ভত আৰক্ষীৰ ওচৰ চাপে ভুক্তভোগী পৰিয়ালটো৷ পৰিয়ালৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে প্ৰৱঞ্চক কেৰাণী সোমেশ্বৰ নাথক৷

Leave A Reply

Your email address will not be published.