danewsplus.com
danewsplus.com

লাহোৱাল আৰক্ষীৰ জালত দালাল চক্ৰৰ মাষ্টাৰমাইণ্ড

0 145

ডিজিটেল সংবাদ, মৰাণঃ লাহোৱাল আৰক্ষীৰ জালত এটা দালাল চক্ৰৰ মাষ্টাৰমাইণ্ড৷ দীৰ্ঘদিন ধৰি দালাল চক্ৰটোৱে মৰাণৰ বিভিন্ন ঠাইত বেংকৰ ঋণ আৰু চাকৰি দিয়াৰ নামত সংগ্ৰহ কৰিছিল লাখ লাখ টকা৷ নিজকে চৰকাৰী স্বাৱলম্বী আঁচনিৰ মূধাফুটা ব্যক্তি বুলি চিনাকি দি সহজ-সৰল গাঁৱলীয়া লোকৰ পৰা সংগ্ৰহ কৰিছিল ধন৷

ডিব্ৰুগড়ৰ বিভিন্ন অঞ্চলৰ খাটি লোকৰ পৰা ঠগ-প্ৰৱঞ্চনাৰে লাখ লাখ টকা উৎকোচ লৈ অৱশেষত ৰঙাঘৰৰ আলহী হ’ল দেৱজিৎ শৰ্মা নামৰ দালালটো৷ লাহোৱাল আৰক্ষীয়ে মৰাণৰ পৰা দেৱজিতক গ্ৰেপ্তাৰ কৰাৰ পিছতেই উন্মোচিত হৈছে দুৰ্নীতিৰ ন ন তথ্য৷

Leave A Reply

Your email address will not be published.