danewsplus.com
danewsplus.com

পাথাৰকান্দিত আৰক্ষীৰ জালত ২ গভাইত চোৰ, আন্তঃৰাষ্ট্ৰীয় চুৰি চক্ৰৰে জড়িত চোৰ দুটা

0 166

কৰিমগঞ্জৰ পাথাৰকান্দিত আৰক্ষীৰ জালত পৰিছে দুটা গভাইত বাইকচোৰ ৷ চোৰ দুটাৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছে ৩খন চুৰি বাইক ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰ দুটা বদৰুল হক আৰু জুবেৰ আহমেদ ৷ আৰক্ষীয়ে বদৰুলৰ ঘৰৰ পৰা দুখন চুৰি বাইক উদ্ধাৰ কৰাৰ বিপৰীতে জুবেৰৰ ঘৰৰ পৰা উদ্ধাৰ কৰে আন এখন বাইক৷

বৰাকত বাইক চুৰিৰে সন্ত্ৰাস চলোৱা চোৰৰ গেঙেৰে জড়িত দুই গভাইত চোৰে আৰক্ষীৰ জেৰাত দিছে বিস্ফোৰক স্বীকাৰোক্তি ৷ বৰাকৰ পৰা চুৰি কৰা বাইকৰ নম্বৰ সলাই বাংলাদেশলৈ প্ৰেৰণ কৰে চক্ৰটোৱে ৷ দুই চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অচিৰেই আন্তঃৰাষ্ট্ৰীয় চুৰি চক্ৰটো উৎখাত কৰাৰ সম্ভাৱনা আছে ৷

Leave A Reply

Your email address will not be published.