danewsplus.com
danewsplus.com

আমছুৰ দুটা ফৈদৰ মাজত তয়াময়া ৰণ

0 209

ডিজিটেল সংবাদ, হোজাইঃ লংকাৰ কাকীত উত্তেজনাময় পৰিস্থিতি৷ কোনো সীমা সংঘাত নহয়, নহয় কোনো চুৰি-ডকাইতিৰ ঘটনা৷ এয়া ছাত্ৰ সংগঠন আমছুৰ দুটা ফৈদৰ মাজত তয়াময়া ৰণ৷ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ দৃশ্য বন্দী হ’ল কেমেৰাত৷ নতুনকৈ আমছুৰ এখন আঞ্চলিক সমিতি গঠন কৰাক কেন্দ্ৰ কৰি এই উত্তেজনাময় পৰিস্থিতি৷

ইকবাল হুছেইন নামৰ এজন আমছু নেতাৰ নেতৃত্বত কাকীৰ আঞ্চলিক সমিতি গঠন কৰাক লৈ দুই ফৈদৰ মাজত লাগে মাৰপিট৷ পিছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আটক কৰে হাছেম আহমেদ চৌধুৰী নামৰ এজনক৷

Leave A Reply

Your email address will not be published.