danewsplus.com
danewsplus.com

বৰঝাৰ বিমানবন্দৰ আদানী গ্ৰুপক হস্তান্তৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ অসম জাতীয় পৰিষদৰ

0 183

ডিজিটেল ডেস্কঃ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্টীয় বিমান বন্দৰ আদানী গ্ৰুপক হস্তান্তৰ কৰাৰ প্ৰতিবাদত অব্যাহত আছে প্ৰতিবাদ আৰু গণস্বাক্ষৰ অভিযান৷ অসম জাতীয় পৰিষদে অব্যাহত ৰখা এই প্ৰতিবাদৰ আজি তৃতীয়টো দিন৷ বৰঝাৰ বিমানবন্দৰ ব্যক্তিগতকৰণ কৰাৰ বিৰোধীতা কৰি অসম জাতীয় পৰিষদে যোৱা ৯ আগষ্টৰ পৰা অব্যাহত ৰাখিছে গণস্বাক্ষৰ অভিযান।

বিমানবন্দৰৰ সন্মুখৰ পথত চলোৱা এই প্ৰতিবাদী কাৰ্যসূচীত অনুমতি নথকাৰ বাবে আৰক্ষীয়ে বাধা প্ৰদান কৰে৷ আজি আৰক্ষীৰ বাধা নেওচি বেৰিকেড অতিক্ৰম কৰি স্বাক্ষৰ অভিযান চলাই জাতীয় পৰিষদে। এই স্বাক্ষৰ অভিযান ৭ দিনলৈ চলাই যাব বুলি মন্তব্য কৰে জাতীয় পৰিষদৰ নেতৃত্বই৷ অৱশেষত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰি আজাৰা থানালৈ লৈ যায়।

Leave A Reply

Your email address will not be published.