danewsplus.com
danewsplus.com

স্বাধীনতা দিৱসত আমিনগাঁৱত ৭৫টি শিশুৰ দ্বাৰা উত্তোলন কৰোৱা হ’ব ৰাষ্ট্ৰীয় পতাকা

0 114

ডিজিটেল সংবাদ, উত্তৰ গুৱাহাটীঃ ৰাজ্যৰ বিভিন্ন ঠাইত এতিয়া স্বাধীনতা দিৱস উদযাপনৰ বাবে চলিছে প্ৰস্তুতি৷ কামৰূপৰ আমিনগাঁৱত মাখন দেৱনাথ নামৰ লোকজনে পূ্ৰ্বৰ দৰে এইবাৰো অনন্য ৰূপত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলাইছে৷ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে তেওঁ এইদৰে এইবাৰ তেওঁ সাজু কৰিছে ৭৫খন ৰাষ্ট্ৰীয় পতাকা৷

৭৫টি শিশুৰ দ্বাৰা উত্তোলন কৰা হ’ব এই পতাকাসমূহ৷ কেৱল ৰাষ্ট্ৰীয় পতাকাই নহয়, স্বাধীনতা সংগ্ৰামত নেতৃত্ব দিয়া বহু নেতাৰ ছবিও সাজু কৰা হৈছে৷ যোৱা ৪০ বছৰে একক ৰূপত তেওঁ উদযাপন কৰি আহিছে স্বাধীনতা দিৱস৷

Leave A Reply

Your email address will not be published.