danewsplus.com
danewsplus.com

এতিয়াৰে পৰা মন গ’লেই ব্যৱহাৰ কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো

0 204

ডিজিটেল ডেস্কঃ খং উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বেনাৰ বিতৰ্কৰ প্ৰসংগত খং উঠিছে মুখ্যমন্ত্ৰীগৰাকীৰ। যাৰ বাবে টুইটাৰযোগে এটা বিশেষ আহ্বান জনাইছে মুখ্যমন্ত্ৰী শৰ্মাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ক্ৰীড়ামন্ত্ৰী বিমল বৰাই অসম গৌৰৱ লাভলীনা বৰগোঁহাইক শুভেচ্ছা জনোৱাৰ বাবে ব্যৱহাৰ কৰাৰ বেনাৰত ডাঙৰকৈ জিলিকিল ২ মন্ত্ৰীৰ ফটো। যাক লৈ ছ’চিয়েল মিডিয়াত সৰৱ চৰ্চা চলিছিল।

ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ মৃত্যু বাৰ্ষিকী উপলক্ষ্যে নৱগ্ৰহ শ্মশানৰ সমীপত আয়োজন কৰা হৈছিল এক অনুষ্ঠানৰ। আয়োজিত অনুষ্ঠানটোৰ বেনাৰখনত দেখিবলৈ পোৱা গৈছিল প্ৰয়াত বৰদলৈৰ তুলনাত মুখ্যমন্ত্ৰীৰ বৃহতাকাৰ ফটো। যিটো প্ৰসংগই ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰাৰ পিছতে টুইট কৰি এনে কাম সমৰ্থন নকৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে।

য’ত তেখেতে লিখিছে, ”I do not endorse this kind of branding at all. Instruction has been issued not to use my picture from now onwards without prior approval of my office”. অৰ্থাত ‘‘মই এনে ধৰণৰ বেনাৰক মুঠেও সমৰ্থন নকৰো। মুখ্যমন্ত্ৰী কাৰ্যলয়ৰ অনুমতি অবিহনে এতিয়াৰ পৰা কোনোৱে মোৰ ফটো ব্যৱহাৰ কৰিব নোৱাৰে, এয়া নিৰ্দেশনা জাৰি কৰা হৈছে”

Leave A Reply

Your email address will not be published.