danewsplus.com
danewsplus.com

পোহৰলৈ আহিছে ডবকা পৌৰসভাৰ ভয়ংকৰ কেলেংকাৰীৰ তথ্য

0 122

ডিজিটেল সংবাদ, নগাঁও: ডবকা পৌৰসভাত ভয়ংকৰ কেলেংকাৰী। অস্তিত্বহীন আঁচনিৰ নামত লুটিলে লাখ লাখ টকা। ডবকা পৌৰসভাৰ অভিযন্তা আকিকুৰ ৰহমানৰ বিৰুদ্ধে ধন আত্মসাৎ কৰাৰ অভিযোগ। আৰ টি আই তথ্যত পোহৰলৈ আহিল এই ভয়ংকৰ অনিয়মৰ তথ্য।

ডবকা পৌৰসভাত সংঘটিত হৈছে ভয়ংকৰ কেলেংকাৰী ৷ এটা অস্তিত্বহীন নলাৰ নামত ডবকা পৌৰসভাই লুটিলে তিনি লাখ টকা। তথ্য জনাৰ অধিকাৰ আইনে উদঙালে এই ভয়ংকৰ তথ্যৰ ঘটনা। ডবকা পৌৰসভাই ২০০৭-‘০৮ চনত ডবকা চহৰৰ অন্যতম সদাব্যস্ত পথ ডবকা তুলসিবাৰী পথত এটা পকী নলা নিৰ্মাণৰ নামত স্বৰ্ণজয়ন্তী নগৰীকৰণ স্বৰোজগাৰ আঁচনিৰ নামত মুঠ তিনি লাখ টকা আৱন্টন দিয়ে। তাৰে ২ লাখ ২০ হাজাৰ টকা পকী নলা নিৰ্মাণৰ নামত আবন্টন দিয়া হয়।

কিন্তু লক্ষ্যণীয় কথাটো হ’ল যে ডবকা পৌৰসভাৰ তুলসিবাৰী পথত কোনো পকী নলাৰ অস্তিত্বই নাই। তুলসিবাৰী পথত ৫০-৬০ বছৰ ধৰি ব্যৱসায় কৰা কোনো লোকে পথটিত কোনো নলা দেখা নাই বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। এই সন্দৰ্ভত ডবকাৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকে ডবকা পৌৰসভাত তৰা এক আৰটিআইৰ তথ্যত এই ভয়ংকৰ অনিয়মৰ তথ্য পোহৰলৈ আহে। সাংবাদিকগৰাকীয়ে এই সম্পৰ্কে ডবকা থানাত ৩৬৭/২১ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৪০৯/৪২০ ধাৰাত এক গোচৰ ৰুজু কৰিছে। ডবকা পৌৰসভাৰ পৌৰপতি আৰু কাৰ্যবাহী বিষয়াক অভিযুক্ত হিচাপে তৰা গোচৰৰ পিছত ডবকা থানাই অভিযুক্তৰ বিৰুদ্ধে কি ব্যৱস্থা লয়, সেয়া সময়ত স্পষ্ট হ’ব ৷

Leave A Reply

Your email address will not be published.