danewsplus.com
danewsplus.com

অৰ্থনেতিক দুৰৱস্থাৰ পৰিণতিঃ ভাড়ালৈ দিব পাক-প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ চৰকাৰী বাসগৃহ

0 138

ডিজিটেল ডেক্স, গুৱাহাটী : তীব্ৰ আৰ্থিক সংকটত ভূগিছে পাকিস্তান। দেশখনক অৰ্থনেতিক দুৰৱস্থাৰ বাবে বচাবলৈ পাক-প্ৰধানমন্ত্ৰী ইমৰান খানে হাতত লৈছে এক ব্যতিক্ৰমী প্ৰচেষ্টা। খানে তেওঁৰ চৰকাৰী বাসগৃহ ভাড়ালৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা প্ৰধানমন্ত্ৰী ইমৰান খানৰ চৰকাৰী বাসভৱন বিবাহ, ফেশ্বন শ্ব’ আৰু সামাজিক অনুষ্ঠানৰ বাবে ভাড়াত উপলব্ধ হ’ব।

খান ক্ষমতাৰ গাদীত অহাৰ পিছত যোৱা তিনি বছৰত পাকিস্তানৰ অৰ্থনীতি ১৯ বিলিয়ন আমেৰিকান ডলাৰলৈ হ্ৰাস পাইছে। দেশৰ অৰ্থনীতিক ৰোধ কৰাৰ উদ্ধেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে, ২০১৯ চনৰ আগষ্ট মাহত শাসকীয় দল তেহৰিক-পাকিস্তান তেহৰিক-ই-ইনচাফে (পিটিআই) ঘোষণা কৰিছিল যে দলটোৱে প্ৰধানমন্ত্ৰীৰ ঘৰটো এখন বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰিব বিচাৰে। তাৰ পাচতেই প্ৰধানমন্ত্ৰীয়ে তেওঁৰ চৰকাৰী বাসভৱন খালী কৰি বানী গালাবাসলৈ স্থানান্তৰিত হৈছিল যদিও তেওঁ কাৰ্যালয়টো ব্যৱহাৰ কৰি আছিল। ফেডাৰেল চৰকাৰে এতিয়া বিশ্ববিদ্যালয়ৰ পৰিৱৰ্তে ভাড়াত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

প্ৰধানমন্ত্ৰী সদনৰ প্ৰেক্ষাগৃহ, দুটাকৈ অতিথিশালা আৰু পুঁজিৰ বাবে এটা লন ভাড়াত দিয়া হ’ব। পাক-প্ৰধানমন্ত্ৰীৰ প্ৰাক্তন কৰ্মক্ষেত্ৰত উচ্চ পৰ্যায়ৰ কূটনৈতিক কাৰ্য, আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰও অনুষ্ঠিত হ’ব।

Leave A Reply

Your email address will not be published.