danewsplus.com
danewsplus.com

হাজাৰজনে লাভলীনাক শুভেচ্ছাৰে ওপচাই পেলালে..

0 125

ডিজিটেল সংবাদ, গুৱাহাটী: লাভলীনা বৰগোহাঁয়ে ইতিহাসৰ পাতত লিপিবদ্ধ কৰিলে নিজৰ নাম। অলিম্পিকত পদক জয়ী প্ৰথমগৰাকী অসমীয়াৰূপে চিৰকাললৈ সুঁৱৰিব অসমবাসীয়ে। লাভলীনাৰ এই সফলতাত কেৱল অসমবাসীয়েই নহয়, সমগ্ৰ দেশবাসী আজি গৰ্বিত। হাজাৰজনে লাভলীনাক শুভেচ্ছাৰে ওপচাই পেলাইছে।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈকে সকলোৱে টুইটযোগে শুভেচ্ছাবাণী দিছে লাভলীনা বৰগোহাঁইক। উল্লেখযোগ্য যে, তুৰস্কৰ প্ৰতিযোগী চাৰ্মেনেলীৰ হাতত পৰাস্ত অসম কন্যা লাভলীনা বৰগোঁহাই। তথাপিও ব্ৰঞ্জৰ পদক নিশ্চিত অসমকন্যা লাভলীনাৰ। লাভলীনাৰ এই সাফল্য প্ৰতিজন ভাৰতীয়, অসমবাসীৰ বাবে চিৰকাললৈ স্মৰণীয় হৈ থাকিব।

Leave A Reply

Your email address will not be published.