danewsplus.com
danewsplus.com

সংকটত মিজোৰাম! বিমানেৰে শিলচৰৰ পৰা সৰবৰাহ হৈছে খাদ্য

0 239

খাদ্য সংকটত ভোগা মিজোৰামলৈ বিমানেৰে সামগ্ৰী সৰবৰাহ৷ শিলচৰ-কলকাতাৰ পৰা বিমানেৰে নিত্য প্ৰয়োজনীয় সামগ্ৰী সৰবৰাহ কৰা হৈছে মিজোৰামলৈ৷ লাইলাপুৰ কাণ্ডৰ পিছত কাছাৰ আৰু কৰিমগঞ্জ জিলাত ৰাইজে অৰ্থনৈতিক অৱৰোধ কৰাৰ ফলত এতিয়া হাহাকাৰ লাগিছে মিজোৰামত৷

পৰিণতিত বিমানেৰে সামগ্ৰী সৰবৰাহ আৰম্ভ কৰিছে চুবুৰীয়া ৰাজ্যখনে৷ সোমবাৰে শিলচৰ বিমান বন্দৰৰ পৰা খাদ্য সামগ্ৰী লৈ মিজোৰামলৈ উৰা মাৰিল স্পাইচ জেটৰ এখন বিমান৷ বিমানখনেৰে ৩৮৭১১ কেজি সামগ্ৰী সৰবৰাহ কৰা হয় মিজোৰামৰ লেংপুই বিমানবন্দৰলৈ৷

ধাৰাবাহিকভাৱে চলি থকা অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচীৰ বাবে আন কেইবাখনো বিমানেৰে সামগ্ৰী সৰবৰাহৰ পৰিকল্পনা কৰিছে মিজোৰাম চৰকাৰে৷ অৱশ্যে কেৱল খাদ্য সামগ্ৰীয়েই নহয় পেট্ৰ’ল-ডিজেলকে ধৰি ইন্ধনজাত সামগ্ৰীৰ নাটনিটো ভুগিছে মিজোৰাম৷

Leave A Reply

Your email address will not be published.