danewsplus.com
danewsplus.com

১ আগষ্টৰ পৰা ডিফু মেডিকেল কলেজ হাস্পতালত ২৩গৰাকী অস্থায়ী কৰ্মচাৰী নাথাকিব চাকৰিত

0 186

ডিজিটেল সংবাদ, ডিফু : ডিফু মেডিকেল কলেজ হাস্পতালত অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ৷ ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্লৰ প্ৰতিবাদত উত্তাল হ’ল হাস্পতালৰ চৌহদ৷ ১ আগষ্টৰ পৰা হাস্পতালখনত কৰ্মৰত ২৩গৰাকী অস্থায়ী কৰ্মচাৰী নাথাকিব চাকৰিত৷

দীৰ্ঘ সময়ৰ পৰাই এই অস্থায়ী কৰ্মীচাৰীসকলে স্থায়ী নিযুক্তিৰ বাবে মুখ্যমন্ত্ৰীকে আদি কৰি কাৰ্বি স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যাবাহী সদস্যক স্মাৰকপত্ৰ প্ৰদান কৰিছিল যদিও এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিলে সংশ্লিষ্ট কৰ্তৃপক্ষই৷

ৰোগীৰ সুশ্ৰষাত দীৰ্ঘ সময়ৰ পৰা সেৱা আগবঢ়াই অহা এই অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবী তুলিছে সদৌ অসম ছাত্ৰ সন্থাই৷ নহ’লে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ আছুৰ৷

Leave A Reply

Your email address will not be published.