danewsplus.com
danewsplus.com

বিজেপি দলৰ মতে অসমত ভূমিকম্প আহিলেও ইয়াৰ বাবে দায়ী কংগ্ৰেছ– ৰিপুন বৰা

0 114

ডিজিটেল সংবাদ, বৰপেটা: শনিবাৰে অসম-মিজো সীমান্তত মিজো আৰক্ষীৰ গুলিত শ্বহীদ হোৱা নাজমুল হুছেইনৰ বৰপেটাৰ কদমগুৰিস্থিত বাসগৃহত কংগ্ৰেছ সাংসদ ৰিপুন বৰা উপস্থিত হয়। বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন বিধায়ক ৰহিম খান সহিতে দলীয় কৰ্মীসকলক লগত লৈ তেওঁ শ্বহীদ পৰিয়ালৰ সৈতে মত-বিনিময় কৰে। লগতে শোক-সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

দুটা মাহ ধৰি মিজো-অসম সীমান্তত উত্তেজনা চলি থকাৰ পিছতো অসম চৰকাৰে কোনো সাৱধানতা নোলোৱা কথাটো দুৰ্ভাগ্য জনক তথা চৰকাৰৰ বিফলতা বুলি বৰাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। লগতে তেওঁ কয় দুখন সীমামূৰীয়া বিজেপি শাসিত ৰাজ্যৰ মাজত হোৱা এই সংঘাত সচাই লজ্জাজনক। এনে ঘটনা কংগ্ৰেছ শাসনৰ ১৫বছৰ কালত হোৱা নাছিল বুলিও কয়।

ইয়াৰোপৰি, বিজেপি দলৰ মতে অসমত ভূমিকম্প আহিলেও ইয়াৰ বাবে দায়ী কংগ্ৰেছ বুলিও কটাক্ষ কৰে। NEDA হৈছে উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্যবোৰত বিজেপিৰ common প্লেটফৰ্ম। NEDA ৰ কাম হৈছে বিধায়ক কিনা বেচা কৰা বুলি তেওঁ বিজেপিক সমালোচনা কৰে। লগতে তেওঁ প্ৰশ্ন কৰে এই ঘটনাত কেন্দ্ৰ চৰকাৰ নীৰৱ কিয়?

Leave A Reply

Your email address will not be published.