danewsplus.com
danewsplus.com

এইগৰাকী প্ৰাক্তন বিধায়কৰ পৰিয়ালৰ কাহিনী শুনিলে আপুনিও এবাৰ ভাবিবলৈ বাধ্য হ’ব যে তেওঁলোক কেনেকৈ জীয়াই আছে

0 105

ডিজিটেল সংবাদ, যোৰহাট: সতীৰ্থই পাহৰা এজন বিধায়কৰ পৰিয়াল। দেউতাক আছিল বিধায়ক। পুত্ৰই বৰ্তমান দিন হাজিৰা কৰি ভৰণ পোষণ দিছে পৰিয়াল। এটা জৰাজীৰ্ণ ঘৰ আৰু এখন চোতাল। এই চোতালখনতে এসময়ত ৰাইজ ভৰি আছিল। এই চোতালখনতে ৰচনা হৈছিল অসম আন্দোলন আগবঢ়াই নিয়াৰ পৰিকল্পনা। এই চোতালখন গচকিয়ে বৰ্তমানৰ এই জৰাজীৰ্ণ ঘৰটোলৈ আহিছিল প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰয়াত ভৃগু ফুকন, কেশৱ মহন্ত, অতুল বৰা, ভবেন্দ্ৰ নাথ ভৰালী অথবা হিতেন্দ্ৰ নাথ গোস্বামীৰ দৰে নেতা।

এই ঘৰটোৰ ভিতৰলৈ যদি সোমাই যায় তেনেহ’লে জৰাজীৰ্ণ দেৱালত ওলমি থকা দেখিব সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি জ্ঞানী জেইল সিং, অথবা আন আন বিশিষ্ট ব্যক্তি সকলৰ সৈতে তোলা এজন বিশেষ ব্যক্তিৰ ফ’টো। কিয়নো এই ঘৰতো এই চোতালখনেই হৈছে মৰিয়নিৰ প্ৰয়াত প্ৰাক্তন বিধায়ক নৰেন তাঁতীৰ ঘৰ।

১৯৮৫ চনৰ পৰা ১৯৯০ চনলৈকে সুদীৰ্ঘ ৫ বছৰ কাল নৰেন তাঁতী আছিল মৰিয়নিৰ বিধায়ক। নৰেন তাঁতী বিধায়ক হোৱাৰ লগতে এসময়ৰ অসম আন্দোলনৰ আছিল অগ্ৰণী নেতা। লগতে বহু কেইটা সামাজিক অনুষ্ঠানৰ লগত জড়িত আছিল তাঁতী। কিন্তু ৰাইজৰ বাবে সদায় উৎসৰ্গীত হৈ অহা এইজন ব্যক্তিৰ পৰিয়াল বৰ্তমান কেনেদৰে আছে জানেনে?

এই যে দম্পতি দ্বয় দেখিছে, দুয়ো হৈছে প্ৰয়াত নৰেন তাঁতীৰ পুত্ৰ আৰু বোৱাৰী। দুয়োজনই বৰ্তমান কেনেদৰে জীৱন নিৰ্বাহ কৰিছে জানেনে? নৰেন তাঁতীৰ পুত্ৰ আকাশ তাঁতীয়ে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়ে। তেওঁৰ পত্নীয়ে চাহ বাগিচাত ঠিকা ভিত্তিত কাম কৰে। দৰিদ্ৰতাই কোঙা কৰা এসময়ৰ অসম আন্দোলনৰ অগ্ৰণী নেতা, মৰিয়নিৰ বিধায়ক নৰেন তাঁতীৰ পৰিয়ালৰ বিষয়ে এতিয়া পাহৰিলে সকলোৱে।

২০০৮ চনত মৰিয়নি সমষ্টিৰ প্ৰাক্তন বিধায়ক গৰাকীৰ মৃত্যুৰ পিছতেই অকলশৰীয়া হৈ পৰিল পৰিয়ালটো। একালৰ জাতীয়তাবাদৰ কমৰেডক যেন পাহৰিলে সকলোৱে। পাহৰিলে অসম গণ পৰিষদৰ তেওঁৰ নিকট সতীৰ্থই। সেয়েহে এতিয়া অগপৰ ওপৰত আস্থা হেৰুৱা নৰেন তাঁতীৰ পৰিয়ালে সহায়ৰ বাবে অনুৰোধ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক।

Leave A Reply

Your email address will not be published.