danewsplus.com
danewsplus.com

মন্ত্ৰী অতুল বৰাৰ অভিযোগ, সীমা সমস্যাৰ নেপথ্যত কংগ্ৰেছ

0 175

ডিজিটেল সংবাদ, হাইলাকান্দিঃ কংগ্ৰেছ চৰকাৰে অসমত সৃষ্টি কৰিছে সীমা সমস্যাৰ। কংগ্ৰেছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ গঠন কৰাৰ সময়তে সৃষ্টি কৰিছিলে এই সমস্যাৰ। ৰাজ্যত কংগ্ৰেছ দলৰ চৰকাৰ শাসনত থকাৰ সময়তে প্ৰতিবেশী ৰাজ্যই দখল কৰিছে অসমৰ ভূমি। এই মন্তব্য অসম গণ পৰিষদৰ সভাপতি তথা কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাৰ।

শুকুৰবাৰে হাইলাকান্দিত ক’ভিডত স্বামীহাৰা হোৱা ১১ গৰাকী মহিলাক ৰাজ্য চৰকাৰৰ পৰা আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে। বৰ্তমান ৰাজ্য চৰকাৰে সীমান্ত এলেকাৰ উন্নয়নৰ কামত হাত দিয়াৰ বাবেই প্ৰতিবেশী ৰাজ্যৰ বেদখলৰ তথ্য পোহৰলৈ আহিছে বুলিও মন্তব্য কৰে মন্ত্ৰী অতুল বৰায়।

উল্লেখ্য যে, শুকুৰবাৰে হাইলাকান্দিত ক’ভিড ১৯ত স্বামীহাৰা হোৱা ১১ গৰাকী বিধবা মহিলাক ২.৫ লাখ টকাৰ চেক প্ৰদান কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে উপস্থিত আছিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্য।

Leave A Reply

Your email address will not be published.