danewsplus.com
danewsplus.com

জিলা উপায়ুক্তৰ কাৰ্যালয়ত পিক পেলাই বিপদত ঠিকাদাৰ! নিজ হাতেৰে কৰিবলগীয়া হ’ল পৰিস্কাৰ

0 259

বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চিৰিত পিক পেলাই বিপদত পৰিল বৰপেটাৰ এজন ঠিকাদাৰ। শুকুৰবাৰে কাৰ্যালয়ৰ খটখটিত তামোলৰ পিক পেলাই লেতেৰা কৰিছিল এজন ঠিকাদাৰে। এই কথা দৃষ্টি গোচৰ হয় উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ। লগে লগে তেওঁ বিষয়টো গুৰুত্ব সহকাৰে লৈ এই বিষয়ে অনুসন্ধান আৰম্ভ কৰে।

পিছত কাৰ্যালয়ত স্থাপন কৰা চি চি টি ভি ফুটেজত সকলোবোৰ ধৰা পৰে। গম পোৱা যায় যে এই কাম ৰাজু দেউৰী নামৰ এজন ঠিকাদাৰে কৰিছে। সেই অনুসৰি ব্যক্তি জনক কাৰ্যালয়লৈ মতাই আনি উপায়ুক্তই তেওঁক তৎক্ষণাত ঠাইখিনি পৰিস্কাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। নিৰুপায় হৈ নিজৰ ভুল স্বীকাৰ কৰি ঠিকাদাৰগৰাকীয়ে নিজে পানীৰে ধুই ঠাইখিনি পৰিস্কাৰ কৰিবলৈ বাধ্য হয়।

এই ঘটনাই উপায়ুক্তৰ কাৰ্যালয়ত সন্ধিয়া আমোদজনক পৰিস্থিতিৰ সৃষ্টি কৰে যদিও উপায়ুক্তৰ এনে দৃঢ় স্থিতিৰ সকলোৱে শলাগ লৈছে। ইয়াৰ জৰিয়তে মানুহজনে উচিত শিক্ষা পোৱাৰ লগতে ভৱিষ্যতে তেনে কাম কৰিবলৈ যিকোনো লোকে কুন্ঠাবোধ কৰিব বুলি আশা কৰা হৈছে।

Leave A Reply

Your email address will not be published.