danewsplus.com
danewsplus.com

ৰাজ্যত উপ-নিৰ্বাচন পাচঁটা সমষ্টিত নহয়, ছটা সমষ্টিত হোৱাৰ সম্ভৱনাঃ ৰঞ্জিত দাস

0 255

ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰত দুদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত মন্ত্ৰী ৰঞ্জিত দাস। বৃহস্পতিবাৰে মন্ত্ৰী দাস কোকৰাঝাৰত উপস্থিত হৈ ৰাজ্যৰ উপ-নিৰ্বাচন সংক্ৰান্তত পাচঁটা সমষ্টিয়ে নহয় ছটাকৈ সমষ্টিত উপ-নিৰ্বাচন হোৱাৰ সম্ভৱনাৰ কথা ব্যক্ত কৰে যদিও ছয় নং সমষ্টিৰ নাম প্ৰকাশৰ পৰা বিৰত থাকে।

ইতিমধ্যে উপ-নিৰ্বাচনৰ বাবে গোসাইগাঁও সমষ্টিৰ বাবে অশোক সিংঘাল আৰু তামুলপুৰ সমষ্টিও তেখেতক দায়িত্ব দিয়াৰ কথা জনায়। তামুলপুৰত ৪ তাৰিখে উপ-নিৰ্বাচনক লৈ এক সভাৰ আহ্বান কৰাৰ পিছতে উপ-নিৰ্বাচনৰ কাম আৰম্ভ কৰিব বুলি সদৰী কৰে।

উল্লেখ্য যে, মন্ত্ৰী ৰঞ্জিত দাসে বিটিআৰৰ উন্নয়নৰ স্বাৰ্থত বিশেষকৈ কোকৰাঝাৰ জিলাৰ অভিভাৱক সকলৰ সৈতে বিভিন্ন অভাৱ অভিযোগৰ বুঁজ ল’বলৈ বৃহস্পতিবাৰে এক মত বিনিময় সভাতো ভাগ লোৱা বুলি সদৰী কৰে।

Leave A Reply

Your email address will not be published.