danewsplus.com
danewsplus.com

মিজোৰামৰ ক্ৰীড়ামন্ত্ৰীৰ বিস্ফোৰক স্বীকাৰোক্তি

0 645

ডিজিটেল ডেস্কঃ মিজোৰাম ক্ৰীড়ামন্ত্ৰীৰ বিস্ফোৰক স্বীকাৰোক্তি৷ লাইলাপুৰৰ যি স্থানত সংঘৰ্ষ লাগিছিল সেই স্থানত বহি ৰাজ্যখনৰ ক্ৰীড়ামন্ত্ৰী ৰবাৰ্ট ৰইটেই কৰে চাঞ্চল্যকৰ মন্তব্য৷ সীমান্তৱৰ্তী অঞ্চলটোত মিজো আৰক্ষীয়ে বহু পূৰ্বে দখল কৰিছিল৷ মিজো আৰক্ষীয়ে অধিকৃত কৰা মাটিত সীমান্তচকী নিৰ্মাণৰ কথা ওলাল মন্ত্ৰীৰ মুখেৰে৷

আনকি অধিকৃত অঞ্চলটো নিজৰ বুলি দাবী কৰি মন্ত্ৰী ৰৰ্বাটে কয় যে আমাৰ মাটিত যিয়ে উচ্ছেদ চলাব আহিব তাক এৰি দিয়া নহ’ব৷ আনকি মিজোৰামৰ ক্ৰীড়ামন্ত্ৰীজনৰ ভাষ্যত স্পষ্ট হৈ পৰিছে বিচ্ছিন্নতাবাদী চিন্তাধাৰা৷ অসম আৰক্ষীৰ কথা ক’বলৈ গৈ ভাৰতীয়ৰ হস্তক্ষেপ মিজোৰামত নচলিব বুলি ক’লে মন্ত্ৰীজনে৷

মন্ত্ৰীজনৰ কথাৰ লগত সুৰ মিলাই স্থানীয় বিধায়ক এইচ লালজিৰলিয়ানাই কৰিলে উচতিমূলক মন্তব্য৷ শৰীৰত শেষ বিন্দু তেজ থকালৈকে আমি যুঁজ কৰিমেই বুলি এক চাঞ্চল্যকৰ মন্তব্য কৰে ভাইৰেণ্টিৰ বিধায়কজনে৷

Leave A Reply

Your email address will not be published.