danewsplus.com
danewsplus.com

তৈল নগৰী দুলীয়াজানত নিৰ্গত খাৰুৱা তেল,পাইপ ফুটি তেল নির্গত বি অ’ চি গেটৰ সমীপত

0 202

তৈল নগৰী দুলীয়াজানত খাৰুৱা তেল পৰিবাহী পাইপ ফুটি তেল নির্গত। দুলীয়াজান-টিপলিং সংযোগী পথৰ বি অ’ চি গেটৰ সমীপৰ পথৰ দাঁতিত দীৰ্ঘসময়ৰ বাবে নিৰ্গত হয় খাৰুৱা তেল। অঞ্চলটোত বহু সময় ধৰি তেলৰ বুৰবুৰণিৰ সৃষ্টি হয়৷ ঘটনাস্থলীত অইলৰ অগ্নি নিৰ্বাপক বাহিনীৰ লগতে অইলৰ বিষয়া উপস্থিত হৈ তেল নিৰ্গমন বন্ধ কৰে।

উল্লেখ্য যে দুলীয়াজান তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত অইলৰ পাইপৰ পৰা তেল নিৰ্গত হোৱাৰ ঘটনা নিতৌ সংঘটিত হৈ থাকে ৷ বহু অঞ্চলত অইলৰ তেল পৰি খেতিপথাৰ বিনষ্ট হৈছে ৷ এইক্ষেত্ৰত অইলৰ পুৰণা পাইপসমূহ আঁতৰাই নতুনকৈ পাইপ সংস্থাপনৰো দাবী জনাই আহিছে বহু দল-সংগঠন তথা সচেতন লোকে ৷


Leave A Reply

Your email address will not be published.