danewsplus.com
danewsplus.com

ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাঃ কেঁচা চাহপাতৰ মূল্য হ্ৰাস কৰাত আহিছে বিপদ

0 196

ৰাজ্যত কেঁচা চাহপাতৰ মূল্য হ্ৰাস পোৱাত বিপদৰ সন্মুখীন হ’বলগীয়া হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকল৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমান্তৰালভাবে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলেও এই ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে৷

এইসকল ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাত উৎপাদন কৰোতে যথেষ্ট ব্যয় হোৱাৰ বিপৰীতে উচিত মূল্যৰ পৰা বঞ্চিত হৈছে ৷ যাৰ বাবে নাৰায়ণপুৰৰ ৰাজগড় ক্ষুদ্ৰ চাহ খেতিয়ক সকল ক্ষুন্ন হৈ পৰিছে ৷

ক্ষুদ্ৰ চাহ খেতিয়ক সকলে উৎপাদন কৰা কেঁচা চাহপাত বৃহৎ চাহ গোষ্ঠী সমূহে ইচ্ছাকৃতভাৱেও কেঁচা পাতৰ মূল্য হ্ৰাস কৰাৰ অভিযোগ৷ ক্ষুদ্ৰ চাহ খেতিয়ক সকলক উচিত দাম দিয়াৰ ক্ষেত্ৰত ভাৰতীয় চাহ বৰ্ডৰ বিষয়ববীয়া সকলক তৎকালীনভাবে পদক্ষেপ ল’বলৈ আহ্বান জনায়৷

অসম চৰকাৰৰ সদ্য প্ৰকাশিত বাজেটৰ শিতানত ক্ষুদ্ৰ চাহ খেতিয়কৰ উন্নয়নৰ বাবে কেনেধৰণৰ পুঁজি আবন্টন দিছে সেই বিষয়ে সু-স্পষ্ট নহ’ল বুলিও আক্ষেপ৷ বহু পৰিয়ালক প্ৰত্যক্ষ আৰু পৰোক্ষভাবে সংস্থাপন দি অহা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বিভিন্ন সমস্যা সমাধানত চৰকাৰ যে ব্যৰ্থ হৈছে সেই কথা অৱগত কৰে৷ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত খেতিয়কসকলকৰ অভাৱসমূহ সমাধান কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছে৷

Leave A Reply

Your email address will not be published.