danewsplus.com
danewsplus.com

পৰ্ণ ছবি নিৰ্মাণ কৰি কাৰাগাৰ পালেগৈ ৰাজ কুন্দ্ৰা…

0 210

পৰ্ণ ছবি নিৰ্মাণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ৰাজ কুন্দ্ৰাক কাৰাগাৰলৈ প্ৰেৰণ৷ নিশা দীৰ্ঘ সময় ধৰি জেৰাৰ অন্তত কুন্দ্ৰাক প্ৰেৰণ কৰা হয় কাৰাগাৰলৈ৷ ইয়াৰ পূৰ্বে ৰাজ কুন্দ্ৰাৰ বাসগৃহত ক্ৰাইম বাঞ্চে দীৰ্ঘ সময় ধৰি তালাচি চলায়৷ কুন্দ্ৰাৰ পত্নী অভিনেত্ৰী পত্নী শিল্পা ছেট্টীকো এই তালাচিৰ সময়তে ক্ৰাইম বাঞ্চে জেৰা কৰে৷

ৰাজ কুন্দ্ৰাক লগত লৈ ক্ৰাইম বাঞ্চে প্ৰায় ১ঘণ্টা জেৰা কৰিলে শিল্পাক৷ ক্ৰাইম বাঞ্চৰ দলে মুম্বাইৰ জুহুস্থিত বাসগৃহটোৰ চিচি টিভিৰ ফুটেজো পৰীক্ষা কৰে৷ পৰ্ণ ছবি নিৰ্মাণ প্ৰসংগত শিল্পাৰ ভাষ্য সংগ্ৰহ কৰি ৰাজ কুন্দ্ৰাক লৈ যায় কাৰ্যালয়লৈ৷ ইফালে এই গ্ৰেপ্তাৰ অবৈধ বুলি বোম্বে হাইক’ৰ্টত আবেদন কৰিছে কুন্দ্ৰাৰ অধিবক্তাই৷

Leave A Reply

Your email address will not be published.