danewsplus.com
danewsplus.com

লাভলীনাৰ সফলতা কামনা অসমবাসীৰ, আমিনগাঁৱত CHEER FOR INDIA শীৰ্ষক অনুষ্ঠান

0 382

টকিঅ’ অলিম্পিকক লৈ অসম চৰকাৰৰ যুদ্ধকালীন প্ৰস্তুতি। গীত, মাত, অভিনয় সকলো দিশেৰে অসম কন্যা লাভলীনা বৰগোঁহাইক উৎসাহিত কৰাৰ প্ৰচেষ্টা অসম চৰকাৰৰ। শনিবাৰে নেহৰু যুব সংগঠনৰ উদ্যোগত আমিন গাঁৱৰ উপায়ুক্ত কাৰ্যালয়ত CHEER FOR INDIA শীৰ্ষক উদগণিমুলক অনুষ্ঠানৰ আয়োজন কৰা হয়।

RUN TOKYO অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰ ভাষণত ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই নবাগত ক্ৰীড়াবিদসকলক লাভলীনাৰ আদৰ্শেৰে আগবাঢ়ি যাবলৈ অনুৰোধ জনায়। উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা আই আই টি গেটলৈ উলিওৱা উদগণিমূলক দৌৰৰ ফ্লেগ অফ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই।

অনুষ্ঠানৰ পূৰ্বে শুৱালকুছিৰ স্পেচিফিক ক্ৰিয়েচনে প্ৰস্তুত কৰা আমি খেলিম আমি জিকিমেই শীৰ্ষক গীত পৰিবেশন কৰে। কামৰূপ জিলা প্ৰশাসনৰ লগতে নেহৰু যুব কেন্দ্ৰৰ সঞ্চালিকাকে আদি কৰি অসংখ্য ক্ৰীড়াপ্ৰেমীয়ে অংশগ্ৰহণ কৰি অসম কন্যা লাভলীনাক উৎসাহ যোগোৱাৰ প্ৰয়াস কৰে।

Leave A Reply

Your email address will not be published.