danewsplus.com
danewsplus.com

চিৰাঙ পালেগৈ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰা ৪২ কিশোৰ-কিশোৰী

0 111

চিৰাঙ জিলাৰ দাদগিৰি আৰু ৰুণীখাতাৰ পৰা মানৱ সৰবৰাহকাৰীৰ কৱলত পৰা ৪২ জন কিশোৰ কিশোৰীক চিকিমৰ পৰা উদ্ধাৰ কৰি শুকুৰবাৰে সন্ধিয়া কটকটীয়া আৰক্ষীৰ বেষ্টনীত গুৱাহাটীৰ পৰা কোকৰাঝাৰলৈ অনা হয়৷ ইতিমধ্যে কোকৰাঝাৰলৈ অনা ৪২ গৰাকী অত্যন্ত দৰিদ্ৰ পৰিয়ালৰ কিশোৰ কিশোৰীক ৪-৫ দিনৰ বাৱে আৰক্ষীৰ কঠোৰ নিৰাপত্তাৰ বেষ্টনীত চহৰৰ প্ৰশান্তি লজত ৰখা হৈছে৷

অৱশ্যে উদ্ধাৰিত আটাইকেইগৰাকী কিশোৰ কিশোৰীক শুকুৰবাৰে কোকৰাঝাৰ চহৰৰ প্ৰশান্তি লজত থকা, খোৱাৰ তদাৰক কৰি আছে বিটিআৰৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসে৷ মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰা দলটিত আছে ২৪ গৰাকী কিশোৰ আৰু ১৬ গৰাকী কিশোৰীৰ লগতে দুজন নাবালিকা।

Leave A Reply

Your email address will not be published.