danewsplus.com
danewsplus.com

ৰং তুলিকাৰে ব্যতিক্ৰমী প্ৰতিবাদ: ক’ত কিয় এই প্ৰতিবাদ?

0 121

ডিজিটেল সংবাদ, চন্দ্ৰপুৰ: প্ৰতিবাদ আৰু প্ৰতিবাদ। এইবাৰ ৰং তুলিকাৰে প্ৰতিবাদ। এইবাৰ শিল্পীয়ে ৰং তুলিকাৰে প্ৰতিবাদ কৰিলে চন্দ্ৰপুৰত। চন্দ্ৰপুৰত দাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতাৰে কৰিলে এই প্ৰতিবাদ।

চন্দ্ৰপুৰত অব্যাহত থকা দাম্পিং গ্ৰাউণ্ড স্থাপনৰ প্ৰতিবাদে আজি ভৰি দিলে ২৮ দিনত। চৰকাৰেও দৃঢ় প্ৰতিজ্ঞ চন্দ্ৰপুৰত দাম্পিং গ্ৰাউণ্ড স্থাপনৰ বাবে। ৰাইজ আকোৰ গোজ। চন্দ্ৰপুৰত কেতিয়াও হ’ব নোৱাৰে দাম্পিং গ্ৰাউণ্ড অথবা জাবৰৰ কোনো প্ৰকল্প। শুকুৰবাৰে চন্দ্ৰপুৰ বেংক তিনিআলিত ৰং তুলিকাৰে ছবি আকি ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰিলে শিল্পীসকলে।

উল্লেখ্য যে, যোৱা ২৬ জুনৰ পৰা চন্দ্ৰপুৰত অব্যাহত আছে দাম্পিং গ্ৰাউণ্ড বিৰোধী প্ৰতিবাদ।

Leave A Reply

Your email address will not be published.