danewsplus.com
danewsplus.com

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তৃতীয় শ্ৰেষ্ঠ ছবিৰ সন্মান “কেনপচিয়া এক অনুভৱ”ৰ

0 136

ডিজিটেল সংবাদ , ডিব্ৰুগড়: অসমবাসীলৈ সুখবৰ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তৃতীয় শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ ডিব্ৰুগড়ৰ ছুটি ছৱি “কেনপচিয়া এক অনুভৱ”ৰ। ৰ বিভিন্ন দেশৰ কেবাটাও ভাষাৰ  ছবিৰ ভিতৰত জিলিকিল অসমীয়া ভাষাৰ চুটি ছবি “কেনপচিয়া এক অনুভৱ”।

বিগত বৰ্ষৰ লকডাউনৰ সময়ত ডিব্ৰুগড়ৰ এজন অসমীয়া যুৱকে ঘৰতে নিৰ্মাণ কৰা এখন ছুটী ছবিয়ে লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় সন্মান। মৃদুপৱন বৰাৰ “কেনপচিয়া এক অনুভৱ” নামৰ চুটি ছবিখনে ঔৰাংগবাদত অনুষ্ঠিত “Roshani International Film Festival” (RIFF) ২০২১ৰ প্ৰতিযোগিতাত “Best Film at Special Lockdown Category” ত তৃতীয় শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। আমেৰিকাৰ এখন ছবিয়ে প্ৰথম, ব্ৰাজিলৰ এখন ছবিয়ে দ্বিতীয় স্থান আৰু ভাৰত তথা অসমৰ ডিব্ৰুগড়ৰ পৰা নিৰ্মাণ কৰা ছবিখনে তৃতীয় স্থান লাভ কৰে। ছবিখনৰ পৰিচালনা তথা কাহিনী মৃদু পৱন বৰাৰ। সমগ্ৰ বিশ্বৰ বিভিন্ন ভাষাৰ মুঠ ৮০০  চুটি ছবিয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ছবিখনত অভিনয় কৰিছে ৰাজেশ দাসে।

১৫ মিনিটৰ দৈৰ্ঘ্যৰ ছবিখন সম্পাদনা কৰিছে ৰাকেশ চাংমাইয়ে আৰু শব্দ সংগীত ৰেহান ৰফিক আহমেদৰ। ইয়াৰ পূৰ্বেও ছবিখনে তৃতীয় ভিণ্টেজ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ ২০২০ ত ‘শ্রেষ্ঠ ছবি’ৰ সন্মান লাভ কৰিছিল। লণ্ডনৰ লিফ্‌ফ্ট অৱ ছেছন ২০২০ৰ প্রথমবাৰ ছবি নির্মাতা শাখাত লণ্ডনত অফিচিয়েল ছিলেকশ্যন, পুনে আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত অফিচিয়েল ছিলেকশ্যন, মার্কিন যুক্তৰাষ্ট্ৰৰ কেলিফর্নিয়াত ফিল্ম ফেয়াৰ ছবি মহোৎসৱত চূড়ান্ত প্রতিযোগী হিচাপে নিৰ্বাচিত হৈ সফলতা অৰ্জন কৰি “কেনপচিয়া এক অনুভৱে”।

তদুপৰি গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা sanchita productionsৰ  “Hello tv short film festival ২০২০-২০২১”ত ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা মুঠ ৬৩ খন চুটি ছবিৰ ভিতৰত,  চুটিছবি “কেনপচিয়া এক অনুভৱে” মনোনয়ন লাভ কৰাৰ লগতে শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ শব্দ শিতানত পুৰস্কাৰ  আজুৰি আনিবলৈ সক্ষম হৈছিল।

Leave A Reply

Your email address will not be published.