danewsplus.com
danewsplus.com

প্ৰধানমন্ত্ৰী মোদী, ৰাষ্ট্ৰপতি কোবিন্দৰ ঈদ-উল-আজাহৰ শুভেচ্ছা

0 151

ডিজিটেল ডেক্স, নতুন দিল্লী: আজি পৱিত্ৰ ঈদ-উল-আজাহ। সমাজৰ শান্তি-সমৃদ্ধিৰ অৰ্থে ঈদ-উদ-জোহা উপলক্ষে আল্লাহৰ দোৱা বিচাৰি প্ৰাৰ্থনা জনোৱা হয়। ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে চৰকাৰৰ সকলো নীতি-নিৰ্দেশনাৰ মাজেৰে পালন কৰা হয় পৱিত্ৰ ঈদ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঈদ-উল-আজাহৰ বাবে সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰি কয় যে এই উৎসৱে যাতে সমাজত সামূহিক সহানুভূতি, সম্প্ৰীতি আৰু অন্তৰ্ভুক্তি কঢ়িয়াই আনে।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও সকলোলৈ ঈদ-উল-আজাহৰ শুভেচ্ছা জনাই সকলোকে ক’ভিডৰ নীতি-নিৰ্দেশনা অনুসৰণ কৰিবলৈ আহ্বান জনায়। দেশৰ বিভিন্ন প্ৰান্তৰ মছজিদসমূহত এইবাৰ পূৰ্বৰ দৰে জাক-জমকতা নাই। ইফালে দেশৰ বিভিন্ন প্ৰান্তত ক’ৰোনা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মছজিদসমূহত পুৱা কমসংখ্যক লোকৰ উপস্থিতিত ক’ভিড প্ৰট’কল মানি নামাজত অংশগ্ৰহণ কৰি আল্লাহৰ ওচৰত দোৱা মাগিছে।

Leave A Reply

Your email address will not be published.