danewsplus.com
danewsplus.com

দিল্লীস্থিত এইমছত বাৰ্ড ফ্লুৰ চলিত বৰ্ষৰ প্ৰথমটো মৃত্যু

0 130

ডিজিটেল ডেক্স, নতুন দিল্লী: নতুন দিল্লীস্থিত এইমছত বাৰ্ড ফ্লুত আক্ৰান্ত হৈ মৃত্যু ১১ বছৰীয়া কিশোৰৰ। চলিত বৰ্ষৰ প্ৰথমটো বাৰ্ড ফ্লুত আক্ৰান্ত হৈ মৃত্যু হোৱা ঘটনা এয়া। মৃত্যু হোৱা কিশোৰজন হাৰিয়ানাৰ সুশীল বুলি জানিব পৰা গৈছে। পুনেৰ নেচনেল ইনষ্টিটিউট অফ ভাইৰোলজীয়ে বাৰ্ড ফ্লুৰ সংক্ৰমণ নিশ্চিত কৰিছে। নিহত কিশোৰজনৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰা নাছিল।

সুশীলৰ যোৱা ২ জুলাইত নিউম’নিয়া আৰু লিউকেমিয়াত আক্ৰান্ত হৈছিল। উল্লেখ্য যে, চলিত বৰ্ষৰ আৰম্ভণিতে হাৰিয়ানাকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত বাৰ্ড ফ্লুৰ সংক্ৰমণ ঘটিছিল। হাজাৰ হাজাৰ বনৰীয়া চৰাইৰ মৃত্যু হৈছিল।

Leave A Reply

Your email address will not be published.