danewsplus.com
danewsplus.com

খেলুৱৈক উৎসাহিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ পদক্ষেপ,অলিম্পিকত পদক পালে লাভ কৰিব চৰকাৰী চাকৰি

0 141

খেলুৱৈক উৎসাহিত কৰাৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ অলিম্পিকত পদক পালে খেলুৱৈয়ে লাভ কৰিব চৰকাৰী চাকৰি ৷ দেশলৈ সুনাম কঢ়িয়াই অনা খেলুৱৈলৈ আগবঢ়োৱা পেঞ্চনো ৮ হাজাৰ টকাৰ পৰা ১০ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে ৷ এই কথা ঘোষণা কৰিছে ক্ৰীড়া, পৰ্যটন আৰু শক্তি দপ্তৰৰ মন্ত্ৰী বিমল বৰাই ৷

তেওঁ লগতে ঘোষণা কৰে যে নিজৰ সমষ্টিৰ ষ্টেডিয়াম আৰু ক্ৰীড়া ক্ষেত্ৰৰ বিকাশৰ বাবে বিধায়কসকলে ছিগনেছাৰ প্ৰজেক্টৰ জৰিয়তে ল’ব পাৰিব ১০ কোটি টকা ৷ ইয়াৰ লগতে বিদ্যুৎ বিভাগৰ অনাদায় মাচুল সুতসহ সোনকালে আদায় দিয়াৰ বাবে তেওঁ আহ্বান জনায় গ্ৰাহকসকলক ৷  চাহ শ্ৰমিক আৰু BPLৰ তলৰ লোকক এইক্ষেত্ৰত সুত ৰেহাই দিয়া হ’ব বুলিও তেওঁ ঘোষণা কৰে ৷

Leave A Reply

Your email address will not be published.