danewsplus.com
danewsplus.com

জুৱা খেলক কেন্দ্ৰ কৰি গোলাঘাটত প্ৰচণ্ড মাৰপিট

0 101

ডিজিটেল সংবাদ, গোলাঘাটঃ এখন জুৱা খেলক কেন্দ্ৰ কৰি গোলাঘাটত প্ৰচণ্ড মাৰপিটৰ ঘটনা৷ দহ টকাক কেন্দ্ৰ কৰি মাৰপিট। ৰাজপথত তেজেৰে লুতুৰি-পুতুৰি হৈ পৰিল তিনিগৰাকী লোক৷ আহত লোককেইজন ৰাজা দাস, ৰবিন দাস আৰু মৃদুল কৰ্মকাৰ।‌

গোলাঘাটৰ শ্ৰীমন্ত নগৰৰ এটা ঘৰত দীৰ্ঘদিন ধৰি অনুষ্ঠিত হৈ আছিল জুৱা খেল। উক্ত জুৱা খেলতেই মাত্ৰ দহ টকাৰ বাবে কাজিয়াৰ সূত্ৰপাত হোৱাৰ অভিযোগ আহত ব্যক্তিৰ পৰিয়ালৰ৷

ক’ভিডসৃষ্ট পৰিবেশৰ বাবে গোলাঘাট আংশিকভাৱে বন্ধ হৈ থকাৰ সুযোগতে চলিছিল জুৱা খেল। কিন্তু দেওবাৰে খেলি থকাৰ মাজতে এই ঘটনা সংঘটিত হয়৷

ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত গোলাঘাট আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ বৰ্তমান আহত তিনিগৰাকী ব্যক্তিক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়৷

Leave A Reply

Your email address will not be published.