danewsplus.com
danewsplus.com

মানৱদেহৰ ব্যৱসায়ে জোকাৰিছে ৰাজ্যঃ এইবাৰৰ স্থান তিনিচুকীয়া

0 135

ডিজিটেল সংবাদ, তিনিচুকীয়া: এইবাৰ মানৱ দেহৰ অংগ সৰবৰাহকাৰীৰ কৱলত তিনিচুকীয়াৰ এজন ব্যক্তি। পণ্য সামগ্ৰীৰ দৰে বিক্ৰী হৈছে মানৱ দেহৰ অংগ।

তিনিচুকীয়াৰ শ্ৰীপুৰীয়াত ভাড়তীয়া হিচাপে থকা মনিপুৰৰ অৰূপ কুমাৰ সিনহা নামৰ এজন লোকে কিডনী বিক্ৰী কৰাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে।

ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰশাসনে জাৰি কৰা লকডাউন, কাৰ্ফিউ আদিৰ বাবে আৰ্থিকভাৱে জুৰুলা হোৱাত কিডনী বিক্ৰীৰ কথা উল্লেখ কৰিছে ভুক্তভোগী পৰিয়ালৰ লোকে।

আনহাতে, অৰূপ কুমাৰৰ পত্নীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি বন্ধন বেংককে ধৰি কেইবাটাও মাইক্ৰ ফাইনেন্স কোম্পানীৰ ঋণৰ বোজাত পোত গৈ থকা পৰিয়ালটোৰ সৈতে মানৱ অংগ সৰবৰাহকাৰীৰ সৈতে যোগাযোগ কৰাই দিছিল পম্পী নামৰ এগৰাকী মহিলাই।

ইফালে, সৰ্বমুঠ চাৰি লাখ টকাৰ বিনিময়ত অৰূপ কুমাৰ সিনহাই কিডনী বিক্ৰী কৰিবলৈ সৈমান হৈছিল যদিও মাত্ৰ দুই লাখ টকাহে লাভ কৰিছে পৰিয়ালটোৱে। এই সমগ্র ঘটনা পোহৰলৈ অহাৰ পিছতে ব্যক্তিজনৰ ঘৰত তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ অৰূপ কুমাৰ সিনহাক সোধ-পোছৰ বাবে থানালৈ লৈ যায় তদন্ত আৰম্ভ কৰিছে।

Leave A Reply

Your email address will not be published.