danewsplus.com
danewsplus.com

বিটিআৰত সাংবাদিকতা বঁটা প্ৰদানৰ বাবে শীঘ্ৰে গঠন কৰা হ’ব বিটিআৰ সাংবাদিক বৰ্ড

0 361

ডিজিটেল সংবাদ, কোকৰাঝাৰ: বিটিআৰ চৰকাৰে সাংবাদিকতা বঁটা প্ৰদান কৰিব। শীঘ্ৰে গঠন কৰা হ’ব বিটিআৰ সাংবাদিক বৰ্ড। শুকুৰবাৰে কোকৰাঝাৰ চহৰৰ কদমতলাস্থিত তথ্য আৰু গণ সংযোগ বিভাগৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহ আৰু অতিথি শালাৰ শুভ উদ্বোধন কৰা হয়। এই অনুষ্ঠানত বিটিচিৰ তথ্য আৰু গণসংযোগ বিভাগৰ কাৰ্যবাহী সদস্য ডঃ নিলুত স্বৰ্গীয়াৰীয়ে উপস্থিত থাকি সাংবাদিকতা বঁটা প্ৰদানৰ চূড়ান্ত ঘোষণা কৰে।

স্বৰ্গীয়াৰীয়ে বিভাগৰ প্ৰেক্ষাগৃহ আৰু অতিথি শালাৰ শুভ উদ্বোধনৰ লগতে বড়োলেণ্ড থাইথুন নামৰ বাই লেগুৱেল বাতৰি কাকতখনো উন্মোচন কৰে।

সংবাদ মাধ্যমৰ আগত বিটিআৰৰ তথ্য আৰু গণ সংযোগ বিভাগৰ কাৰ্যবাহী সদস্য ডঃ নিলুত স্বৰ্গীয়াৰীয়ে কয় যে, বিটিআৰ চৰকাৰে সাংবাদিকসকলৰ জীৱন আৰু জীৱিকাক লৈ আঁচনি গ্ৰহণ কৰিব। ইয়াৰ বাবে ইতিমধ্যে বিটিআৰৰ সাংবাদিক বৰ্ড গঠনৰ সম্পূৰ্ণ প্ৰস্তুত হৈছে। প্ৰতি বছৰে বিটিআৰৰ শ্ৰেষ্ঠ সাংবাদিকলৈ চিনু বসুমতাৰী সাংবাদিকতা বঁটা বড়োলেণ্ড দিৱসৰ দিনা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিটিআৰ চৰকাৰে।

Leave A Reply

Your email address will not be published.