danewsplus.com
danewsplus.com

কিমান নিৰ্দয় হ’লে কোনো লোকে গৰুৰ গাত ঢালিব পাৰে গৰম পানী

0 90

ডিজিটেল সংবাদ, মঙলদৈ: যি সময়ত গৰুৰ সুৰক্ষাৰ বাবে অসম চৰকাৰে গো সুৰক্ষা বিধেয়ক গৃহীত কৰিছে সেই সময়তে মঙলদৈ চহৰৰ মাজমজিয়াত দেখিবলৈ পোৱা গ’ল এজনী চেউৰী গৰুৰ কৰুণ দৃশ্য। কোনো হৃদয়হীন লোকে এজনী চেউৰী গৰুৰ গাত ঢালি দিয়ে গৰম পানী। যাৰ ফলত চকলা চকলে এৰি যায় গৰু জনীৰ গাৰ ছাল।

যন্ত্ৰনাত চটফটাই থকা গৰু জনীৰ দৃশ্য দেখি মঙলদৈৰ এজন লোকে সামাজিক মাধ্যমত এটা পোষ্ট কৰিছিল। সামাজিক মাধ্যমত উক্ত পোষ্ট দেখি দৰং আৰক্ষী অধীক্ষকে তাৎক্ষণিকভাৱে গৰু জনীক বিচাৰি উলিয়াই চিকিৎসাৰ ব্যৱস্থা হাতত লয়। বৰ্তমানলৈ গৰু জনীৰ গৰাকীৰ বিষয়ে জানিব পৰা হোৱা নাই। আৰক্ষী অধীক্ষকৰ নিৰ্দেশত গৰু জনীক উদ্ধাৰ কৰি চিকিৎসা প্ৰদান কৰা হয়।

Leave A Reply

Your email address will not be published.