danewsplus.com
danewsplus.com

গড়চুকত ইৰাণী গেঙৰ ২ সদস্যক আটক

0 139

চুৰি-ডকাইতিৰে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আতংকৰ সৃষ্টি কৰা ইৰাণী গেঙৰ দুই সদস্য আটক ৷ গুৱাহাটীৰ গড়চুকত মহানগৰ আৰক্ষীৰ সহযোগত আমিনগাঁও আৰক্ষীয়ে চলেৱা অভিযানত আটক হ’ল ইৰাণী গেঙৰ দুই সদস্য ৷ আৰক্ষীৰ জালত পৰিছে ঝাৰখণ্ডৰ  নাগেশ্বৰ নুনীয়া আৰু শুভম কুমাৰ মাহাতো ৷

দুই ইৰানী গ্ৰোপৰ সদস্যক আমিনগাও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে  এগৰাকী মহিলা আৰু মুন আলি নামৰ আন এজন  লোকক আটক কৰে । নাগেশ্বৰ নুনিয়াৰ লগত টেলিফ’নিক যোগাযোগ থকাৰ বাবেই মুন আলি আৰু মহিলা গৰাকীক আটক কৰে আমিন গাঁও আৰক্ষীয়ে । মঙলবাৰে আটক কৰা দুই অভিযুক্তক পিছত ৰহস্য জনক ভাৱে  এৰি দিয়ে  আৰক্ষীয়ে ।

যোৱা ১০ জুলাইত আমিন গাঁও কালভাৰ্টৰ সমীপত কমল বুঢ়াগোঁহাই নামৰ লোকজনৰ এখন স্কুটাৰৰ দিকিৰ পৰা বাইকত অহা চাৰি চিলনী চোৰে ধন লৈ উধাও হৈছিল । বুঢ়াগোহাঁইৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আটক কৰে চিলনী চোৰৰ গেঙক৷ কিন্তু আমিন গাঁৱত সন্ত্ৰাস চলাই অহা ইৰাণী গেঙৰ  শিপা উঘলাৰ পুৰ্বে কিয় দুই অভিযুক্তক এৰি দিলে এয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ।

Leave A Reply

Your email address will not be published.