danewsplus.com
danewsplus.com

তিনিচুকীয়াত আৰক্ষী কনিষ্টবলক সুৰামত্ত যুৱকৰ প্ৰহাৰ

0 145

তিনিচুকীয়াত আৰক্ষী কনিষ্টবলক সুৰামত্ত যুৱকৰ প্ৰহাৰ৷ কৰ্তব্যস্থলীৰ পৰা কনিষ্টবলজন ডিব্ৰুগড়ৰ মাকুমস্থিত দ্বিতীয় অসম আৰক্ষী বাহিনীৰ শিবিৰলৈ আহি থকাৰ সময়ত ঘটিল এই অঘটন৷ এখন হোটেলত তেওঁ চাহ খাবলৈ সোমাইছিল কনিষ্টবলজন৷ সেই সময়তে মাস্ক পৰিধান নকৰাকৈ একাংশ যুৱকৰ সৈতে তেওঁৰ তৰ্কাতৰ্কি লাগে৷

তেতিয়াই কেইজনমান সুৰামত্ত  যুৱকে প্ৰহাৰ কৰে কনিষ্টবলজনক৷ এই দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছত আৰক্ষীয়ে আটক কৰিছে তিনিজন যুৱকক৷ পলাতক হৈ আছে আন তিনিজন।

Leave A Reply

Your email address will not be published.