danewsplus.com
danewsplus.com

বৰডুবিত পুনৰ আৰক্ষীৰ জালত ভুৱা চিকিৎসক!

0 87

তিনিচুকীয়াৰ বৰডুবিত আৰক্ষীৰ জালত পৰিল এজন ভুৱা চিকিৎসক ৷ মুন্নাভাই এমবিবিএছৰ কায়দাৰে সঞ্জীৱ কুমাৰ দেৱ নামৰ ভুৱা চিকিৎসকজন উজনি অসমৰ বিভিন্ন চাহ বাগিচাত কৰ্মৰত আছিল ৷ সহজ-সৰল বাগিচাৰ শ্ৰমিকৰ সৈতে হেতালী খেলা ভুৱা চিকিৎসকজনে চিকিৎসা প্ৰদান কৰাৰ লগতে প্ৰদান কৰি আহিছিল জন্ম-মৃত্যুৰ প্ৰমাণ-পত্ৰ ৷

বজালনি চাহ বাগিচাৰ পৰিচালকে ৰুজু কৰা এটা গোচৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে ভুৱা চিকিৎসকগৰাকীক ৷ আৰক্ষীৰ জেৰাত ভুৱা চিকিৎসক বুলি স্বীকাৰ সঞ্জীৱ কুমাৰ দেৱৰ ৷ ১১৭/২১ৰ ভিত্তিত কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ভুৱা চিকিৎসকজনক ৷

Leave A Reply

Your email address will not be published.