danewsplus.com
danewsplus.com

ক’ৰোনাৰ মাজতে এইবাৰ জিকা ভাইৰাছৰ আতংক,কেৰালাত ১৪গৰাকী লোক আক্ৰান্ত এই ভাইৰাছত

0 103

ক’ৰোনাৰ দ্বিতীয় ঢৌৰ মাজতে এতিয়া নতুন আতংক হৈ দেখা দিছে জিকা ভাইৰাছে ৷ ক’ৰোনাই গুৰুতৰ পৰিস্থিতি সৃষ্টি কৰা কেৰালাত এই ভাইৰাছত আক্ৰান্ত হৈছে ১৪গৰাকী লোক ৷ পুনেৰ নেচনেল ইনষ্টিটউট অৱ ভাইৰ’লজীলৈ কেৰালাৰ পৰা প্ৰেৰণ কৰা হৈছিল ১৯জন লোকাৰ তেজৰ নমুনা ৷ ইয়াৰে ১৪ জনৰ এতিয়া  পজিটিভ ৰিপ’ৰ্ট আহিছে ৷

কেৰালাত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ লগে লগে তামিলনাডু চৰকাৰে ৰাজ্যখনত কেৰালা সীমান্তৱৰ্তী অঞ্চলসমূহত এতিয়া ব্যাপক সতৰ্কতা অবলম্বন কৰিছে ৷ জিকা ভাইৰাছ ম’হৰ জড়িয়তে সোচৰে ৷ এই ভাইৰাছত আক্ৰান্ত হ’লে ডেংগুৰ দৰেই লক্ষণে দেখা দিয়ে ৷ প্ৰবল জ্বৰ, বিষৰ লগতে ছালত ৰঙা ৰঙা দাগৰ সৃষ্টি হয় ৷ অধিক জটিলতাৰ সৃষ্টি হৈ এই ৰোগ মৃত্যুৰ কাৰণো হ’ব পাৰে৷

Leave A Reply

Your email address will not be published.