danewsplus.com
danewsplus.com

গোসাইগাঁৱৰ বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠান পৰিদৰ্শন প্ৰমোদ বড়োৰ

0 96

ডিজিটেল সংবাদ, গোসাইগাঁও: শুকুৰবাৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই গোসাইগাঁও মহকুমাৰ অন্তৰ্গত বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠান পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ৷ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে প্ৰথমে হাতিধুৰাস্থিত হাতিধুৰা মহাবিদ্যালয় পৰিদৰ্শন কৰি প্ৰয়োজনীয় সকলো ব্যবস্থা লোৱাৰ আশ্বাস দিয়ে ৷

ইয়াৰ পিছত গোসাইগাঁও মহাবিদ্যালয়ত উপস্থিত হৈ মহাবিদ্যালয়ৰ অধ্যক্ষ কুমুদ ৰঞ্জন বসুমতাৰীৰ সৈতে আলোচনাত মিলিত হয়। বড়োই মহাবিদ্যালয়ৰ সকলো দিশৰ বুজ লৈ প্ৰয়োজনীয় ব্যবস্থাসমূহ লোৱাৰ আশ্বাৰ দিয়ে ৷ গুণগত শিক্ষাৰ উন্নয়নত অধিক গুৰুত্ব দিয়াৰ বাবে বিদ্যালয়সমূহ পৰিদৰ্শন কৰে।

Leave A Reply

Your email address will not be published.